Show/Hide Keyboard Layout

আজি পুৱতি কিহৰে আৰতি

- জ্যোতিপ্ৰসাদ আগৰৱালা

আজি পুৱতি

কিহৰে আৰতি

কি নবীন বীণা বাজে

পোহৰৰ বাটে বাটে

হে মৌন অতিথি !

আহিলা কি অভিনৱ সাজে ?

নিদ্ৰিত নৱতম পৃথিৱী জানো

(তোৰ) বৰ্ষণক্ষৰিত সেই

জ্যোতি প্ৰভাততে

পুণ্য স্নান কৰি

নবীন দিনৰ নৱজীৱন মাগে,

বিশ্বজনতা জানো

পোহৰৰ বাটে বাটে

হে মৌন অতিথি,

আহিলা কি অভিনৱ সাজে ?

Hits: 3810